Wildebeest analysis examples for:   asm-asmfb   ৌ    February 11, 2023 at 17:56    Script wb_pprint_html.py   by Ulf Hermjakob

192  GEN 8:8  তাৰ পাছত পৃথিবীৰ পৰা পানী শুকাল নে নাই, তাক জানিবৰ কাৰণে তেওঁ এটা কপৌ বাহিৰলৈ উড়ুৱাই পঠালে।
193  GEN 8:9  কিন্তু তেতিয়াও গোটেই পৃথিৱীত পানী আছিল আৰু সেয়ে কপৌজনীয়ে নিজৰ ভৰি থ’বলৈ ঠাই বিচাৰি নাপাই জাহাজলৈ নোহৰ ওচৰলৈ উভটি আহিল। তেতিয়া নোহে হাত মেলি তাক ধৰি জাহাজত নিজৰ ওচৰলৈ সুমুৱাই আনিলে।
194  GEN 8:10  তাৰ পাছত তেওঁ আৰু সাত দিন অপেক্ষা কৰি পুনৰ সেই কপৌজনীক জাহাজৰ পৰা উড়ুৱাই পঠালে।
195  GEN 8:11  সন্ধিয়া সময়ত কপৌজনী নোহৰ ওচৰলৈ উলটি আহিল আৰু তাইৰ ঠোঁটত এইমাত্র চিঙি অনা জিতগছৰ নতুন পাত এখিলা আছিল; তেতিয়া নোহে বুজি পালে যে, পৃথিবীৰ ওপৰৰ পৰা পানী কমি গৈছে।
196  GEN 8:12  নোহে আৰু সাত দিন অপেক্ষা কৰি পুনৰ সেই কপৌজনীক উড়ুৱাই পঠালে; কিন্তু এইবাৰ তাই আৰু তেওঁৰ ওচৰলৈ পুনৰ উভটি নাহিল।
213  GEN 9:7  তোমালোক বহুবংশ হৈ বৃদ্ধি হোৱা; পৃথিবীৰ চৌদিশে বিয়পি পৰা আৰু প্ৰচুৰ পৰিমাণে সংখ্যাত বৃদ্ধি পাই যোৱা।”
283  GEN 11:16  এবৰৰ চৌত্ৰিশ বছৰ বয়সত তেওঁৰ পুত্র পেলগ জন্মিল;
314  GEN 12:15  ফৰৌণৰ ৰাজপুত্রসকলেও চাৰীক দেখা পাই ফৰৌণ ৰজাৰ আগত তেওঁৰ প্রশংসা কৰিলে। ফলত চাৰীক ফৰৌণৰ ৰাজপ্রাসাদলৈ লৈ গ’ল।
315  GEN 12:16  চাৰীৰ কাৰণে ফৰৌণে অব্ৰামলৈ ভাল ব্যৱহাৰ কৰিবলৈ ধৰিলে; তেওঁ অব্রামক অনেক মেৰ-ছাগ, গৰু, গাধ, গাধী, দাস-দাসী আৰু উট দিলে।
316  GEN 12:17  কিন্তু অব্ৰামৰ ভাৰ্যা চাৰীৰ কাৰণে যিহোৱাই ফৰৌণ আৰু তেওঁৰ পৰিয়ালৰ সকলো লোকৰ মাজত ভয়ঙ্কৰ মহামাৰী ঘটালে।
317  GEN 12:18  ফৰৌণে অব্ৰামক মাতি ক’লে, “আপুনি মোৰ লগত এইটো কি কাম কৰিলে? এওঁ যে আপোনাৰ ভাৰ্যা, তাক মোক কিয় কোৱা নাছিল?
319  GEN 12:20  তাৰ পাছতে অব্রামৰ বিষয়ে ফৰৌণে তেওঁৰ লোকসকলক আজ্ঞা দিলে আৰু তেওঁলোকে অব্রামক তেওঁৰ ভার্য্যা আৰু তেওঁৰ সকলো সম্পদেৰে সৈতে দূৰলৈ পঠিয়াই দিলে।
366  GEN 15:5  তেতিয়া যিহোৱাই অব্ৰামক বাহিৰলৈ নি ক’লে, “তুমি আকাশৰ ফালে চোৱা আৰু যদি পাৰা তৰাবোৰ গণনা কৰা।” তেওঁ আকৌ অব্ৰামক ক’লে, “এইদৰে তোমাৰ বংশও হ’ব।”
370  GEN 15:9  তেতিয়া যিহোৱাই তেওঁক ক’লে, “তুমি মোৰ ওচৰলৈ এজনী তিনি বছৰীয়া চেঁউৰী গৰু, এজনী তিনি বছৰীয়া মাইকী ছাগলী, এটা তিনিবছৰীয়া মতা মেৰ-ছাগ পোৱালি, এটা কপৌ আৰু এটা পাৰ পোৱালি আনা।”
434  GEN 18:9  তেওঁলোকে অব্রাহামক সুধিলে, “তোমাৰ ভাৰ্যা চাৰা ক’ত আছে?” তেওঁ ক’লে, “সৌ তাত, তম্বুৰ ভিতৰত আছে।”
435  GEN 18:10  তেতিয়া তেওঁলোকৰ মাজৰ এজনে ক’লে, “বসন্তকালত মই নিশ্চয়ে তোমাৰ ওচৰলৈ আকৌ উলটি আহিম; তেতিয়া তোমাৰ ভাৰ্যা চাৰাৰ এটি পুত্ৰ হ’ব।” চাৰাই তেওঁৰ পাছফালে তম্বুৰ দুৱাৰমুখত থাকি সকলো কথা শুনি আছিল।
439  GEN 18:14  যিহোৱাৰ ওচৰত দুঃসাধ্য বুলি জানো কিবা আছে? বসন্তকালত, মই নিৰূপণ কৰা সময়ত মই তোমাৰ ওচৰলৈ আকৌ আহিম। অহা বছৰ প্রায় এই সময়তে চাৰাৰ এটি পুত্ৰ হ’ব।”
454  GEN 18:29  অব্রাহামে আকৌ তেওঁক ক’লে, “ধৰক, যদি তাত মাত্র চল্লিশজন ধার্মিক লোকক পোৱা গ’ল!” তেওঁ ক’লে, “সেই চল্লিশজনৰ কাৰণেও মই বিনষ্ট নকৰোঁ।”
456  GEN 18:31  অব্রাহামে ক’লে, “চাওক, মই আকৌ এবাৰ সাহস কৰি প্ৰভুক কব বিচাৰিছোঁ! যদি তাত বিশজনক পোৱা যায়?” “বিশজনৰ কাৰণেও মই সেই নগৰ বিনষ্ট নকৰোঁ।”
467  GEN 19:9  তেতিয়া তেওঁলোকে ক’লে, “যোৱা, আমাৰ পথৰ পৰা আঁতৰ হৈ যোৱা!” তেওঁলোকে আকৌ ক’লে, “এইজন বিদেশী হিচাবে আমাৰ ইয়ালৈ আহিছিল আৰু এতিয়া আমাৰে বিচাৰক হ’বলৈ গৈছে। এতিয়া আমি সিহঁততকৈ তোৰ লগত আৰু বেয়া আচৰণ কৰিম।” এই বুলি কৈ লোকসকলে সেই মানুহৰ বিৰুদ্ধে আগবঢ়িল আৰু লোটক ঠেলা মাৰি দুৱাৰ ভাঙিবলৈ কাষ চাপি গ’ল।
597  GEN 24:5  তেতিয়া সেই দাসে তেওঁক ক’লে, “যদি কোনো ছোৱালী মোৰ লগত এই দেশলৈ আহিবলৈ মান্তি নহয়? পাছত আপুনি যি দেশৰ পৰা ওলাই আহিল, মই আপোনাৰ পুত্ৰক লৈ আকৌ সেই দেশলৈ যাম নে?”
612  GEN 24:20  এই বুলি তাই বেগতে ঘোলনিত কলহৰ পানী বাকি দি, আকৌ পানী তুলিবলৈ কুৱাঁলৈ গৈ, উটবোৰলৈ পানী তুলি দি আছিল।
684  GEN 25:25  তাৰে প্ৰথমটো ৰঙা আৰু গোটেই গা নোমাল বস্ত্ৰৰ নিচিনা নোমাল হৈ ওলাল; এই কাৰণে তেওঁলোকে তাৰ নাম এচৌ ৰাখিলে।
685  GEN 25:26  তাৰ পাছত এচৌৰ গোৰোৱা ধৰা অৱস্থাৰে তাৰ ভায়েকৰ জন্ম হ’ল; তাৰ নাম যাকোব ৰখা হ’ল। ইচহাকৰ ষাঠি বছৰ বয়সত তেওঁৰ ভার্য্যাই সিহঁতক জন্ম দিলে।
686  GEN 25:27  এই ল’ৰা দুটি ডাঙৰ হোৱাৰ পাছত এচৌ এজন নিপুণ চিকাৰী হ’ল। তেওঁ বনে বনে ঘূৰি ফুৰিছিল। কিন্তু যাকোব আছিল শান্ত স্বভাৱৰ। তেওঁ তম্বুত থাকিয়েই সময় কটাইছিল।
687  GEN 25:28  চিকাৰ কৰা মঙহ খাবলৈ পোৱাৰ কাৰণে ইচহাকে এচৌক স্নেহ কৰিছিল, কিন্তু ৰিবেকাই হ’লে যাকোবকহে স্নেহ কৰিছিল।
688  GEN 25:29  এদিনাখন যাকোবে দাইল ৰান্ধিছিল; তেনে সময়তে এচৌ পথাৰৰ পৰা উলটি আহিছিল আৰু তেওঁ বৰ ক্লান্ত হৈ পৰিছিল।
689  GEN 25:30  তেওঁ যাকোবক ক’লে, “মই বৰ ক্লান্ত। অনুগ্রহ কৰি তোমাৰ সেই ৰঙা বস্তুৰ কিছু মোক খাবলৈ দিয়া।” এই কথাৰ কাৰণে এচৌৰ নাম ইদোম [ৰঙা] হ’ল।
691  GEN 25:32  তাতে, এচৌৱে ক’লে, “চোৱা, মোৰ প্রাণ যাওঁ যাওঁ যেন হৈছে, সেয়ে জেষ্ঠাধিকাৰত মোৰ কি লাভ?”
692  GEN 25:33  যাকোবে ক’লে, “আগেয়ে তুমি মোৰ আগত শপত খোৱা।” তাতে এচৌৱে তেওঁৰ আগত শপত খাই নিজৰ জেষ্ঠাধিকাৰ যাকোবক বেচিলে।
693  GEN 25:34  তেতিয়া যাকোবে এচৌক পিঠা আৰু মচুৰ দাইল খাবলৈ দিলে; তাতে তেওঁ খাই উঠি গুচি গ’ল। এইদৰে এচৌৱে নিজৰ জেষ্ঠাধিকাৰ হেয়জ্ঞান কৰিলে।
715  GEN 26:22  আকৌ তেওঁ তাৰ পৰা গৈ, আন এটা নাদ খান্দিলে। তাৰ নিমিত্তে হ’লে সিহঁতে বিবাদ নকৰিলে; তাতে তেওঁ তাৰ নাম ৰহোবোৎ ৰাখি ক’লে, “এতিয়াহে যিহোৱাই আমাক বহল ঠাই দিছে; এতেকে আমি দেশত বৃদ্ধি হ’ম।”
727  GEN 26:34  পাছত এচৌৱে 40 বছৰ বয়সত, হিত্তীয়া বেৰীৰ জীয়েক যিহূদিৎ আৰু হিত্তীয়া এলোনৰ জীয়েক বাচমতক বিয়া কৰিলে।
729  GEN 27:1  ইচহাক ক্রমে বৃদ্ধ হ’ল; তাতে চকুৰ দৃষ্টিশক্তি দুৰ্ব্বল হোৱাত তেওঁ চকুৰে মনিব নোৱাৰা হ’ল; এদিন তেওঁ বৰ পুতেক এচৌক মাতি ক’লে, “বোপা।” এচৌৱে উত্তৰ দিলে, “মই ইয়াতে আছোঁ।”
733  GEN 27:5  তাৰ পাছত এচৌৱে পহু মাৰি আনিবৰ বাবে চিকাৰলৈ গ’ল। ইচহাকে যেতিয়া এইবোৰ কথা তেওঁৰ পুত্ৰ এচৌক কৈছিল, তেতিয়া ৰিবেকাই শুনি আছিল।
734  GEN 27:6  ৰিবেকাই তেওঁৰ প্রিয়পুত্ৰ যাকোবক ক’লে, “চোৱা, তোমাৰ পিতৃয়ে তোমাৰ ককায়েৰা এচৌক এইবুলি কোৱা মই শুনা পালোঁ;
739  GEN 27:11  তেতিয়া যাকোবে তেওঁৰ মাক ৰিবেকাক ক’লে, “মোৰ ককাই এচৌ এজন নোমাল মানুহ; কিন্তু মই হ’লে এজন মসৃণ ছালৰ মানুহ।
743  GEN 27:15  তাৰ পাছত ৰিবেকাই তেওঁৰ ওচৰত ঘৰতে থকা বৰ পুতেক এচৌৰ আটাইতকৈ উত্তম বস্ত্ৰ লৈ সৰু পুতেক যাকোবক পিন্ধালে।
747  GEN 27:19  যাকোবে পিতৃক ক’লে, “মই আপোনাৰ বৰ পুত্র এচৌ; আপুনি মোক কোৱাৰ দৰে মই কৰিলোঁ; এতিয়া উঠি বহক আৰু মাংস ভোজন কৰক যাতে আপুনি মোক আশীৰ্ব্বাদ কৰিব পাৰে।”
749  GEN 27:21  ইচহাকে যাকোবক পুনৰ ক’লে, “মোৰ ওচৰলৈ চাপি আহাঁ বোপা; তুমি সঁচায়েই মোৰ পুত্ৰ এচৌ হোৱানে নোহোৱা, তাক জানিবলৈ মই তোমাক যেন চুই চাব পাৰোঁ।”
750  GEN 27:22  তাতে যাকোবে তেওঁৰ পিতৃ ইচহাকৰ ওচৰলৈ চাপি গ’ল; তেতিয়া ইচহাকে তেওঁক চুই চাই ক’লে, “মাত-কথা যাকোবৰ, কিন্তু হাত হ’লে এচৌৰ।”
751  GEN 27:23  ইচহাকে যাকোবক চিনি নাপালে, কাৰণ তেওঁৰ হাত দুখন ককায়েক এচৌৰ হাতৰ দৰে নোমাল আছিল। সেয়ে ইচহাকে যাকোবক আশীৰ্ব্বাদ কৰিলে।
752  GEN 27:24  তেওঁ ক’লে, “তুমি সচাঁকৈয়ে মোৰ পুত্ৰ এচৌ হোৱানে?” যাকোবে ক’লে, “হয়, মইয়ে হওঁ।”
758  GEN 27:30  ইচহাকে যাকোবক আশীৰ্ব্বাদ দি শেষ কৰিলে আৰু যাকোবে তেওঁৰ পিতৃ ইচহাকৰ ওচৰৰ পৰা বাহিৰ হৈ যোৱা মাত্ৰকেই, তেওঁৰ ককায়েক এচৌ চিকাৰৰ পৰা ঘূৰি আহি পালেহি।
760  GEN 27:32  তেতিয়া তেওঁৰ পিতৃ ইচহাকে তেওঁক সুধিলে, “তুমি কোন?” এচৌৱে ক’লে, “মই আপোনাৰ বৰপুত্ৰ এচৌ।”
762  GEN 27:34  বাপেকৰ এই কথা শুনি এচৌ শোকত ভাগি পৰিল আৰু হুৰাওৰাৱে কান্দি কান্দি বাপেকক ক’লে, “পিতৃ, মোক, মোকো আশীৰ্ব্বাদ কৰক।”
764  GEN 27:36  তেতিয়া এচৌৱে ক’লে, “তাক দিয়া যাকোব নামটো স্বৰূপেই সঠিক হোৱা নাই নে? কিয়নো এইবাৰকে লৈ দুবাৰ সি মোৰ অধিকাৰ ছল কৰি ললে; ডাঙৰ ল’ৰা হিচাবে মোৰ যি জ্যেষ্ঠ অধিকাৰ, তাক সি ল’লে আৰু চাওঁক, এতিয়া মোৰ আশীৰ্ব্বাদো লৈ গ’ল।” এচৌৱে আকৌ ক’লে, “মোৰ কাৰণে আপুনি একো আশীৰ্ব্বাদ ৰখা নাই নে?”
765  GEN 27:37  তেতিয়া ইচহাকে এচৌক উত্তৰ দি ক’লে, “চোৱা, মই তাক তোমাৰ ওপৰত প্ৰভু পাতিলোঁ আৰু তাৰ জ্ঞাতি-ভাইসকলক তাৰেই দাস কৰিলোঁ; মই তাক শস্য আৰু নতুন দ্ৰাক্ষাৰস দিলোঁ; ইয়াৰ পিছত বোপা, মইনো তোমাৰ অৰ্থে আৰু কি কৰিব পাৰোঁ?”
766  GEN 27:38  তেতিয়া এচৌৱে আকৌ বাপেকক কাকুতি-মিনতি কৰি ক’লে, “হে পিতৃ, মোৰ কাৰণে আপোনাৰ ওচৰত এটাও আশীর্বাদ নাইনে? হে মোৰ পিতৃ, আপুনি মোক, মোকো আশীৰ্ব্বাদ কৰক।” এইদৰে কৈ এচৌৱে বৰকৈ কান্দিব ধৰিলে।
769  GEN 27:41  পাছত যাকোবে তেওঁৰ পিতৃৰ পৰা আশীৰ্ব্বাদ লাভ কৰাৰ কাৰণে এচৌৱে তেওঁক ঘিণ কৰিবলৈ ধৰিলে। তেওঁ নিজ মনতে ক’লে, “মোৰ পিতৃৰ বাবে শোকৰ দিন ওচৰ চাপি আহিছে; তাৰ পাছতে মই মোৰ ভাই যাকোবক বধ কৰিম।”
770  GEN 27:42  বৰপুতেক এচৌৰ এই সকলো কথা ৰিবেকাই জানিব পাৰিলে আৰু সেয়ে তেওঁ মানুহ পঠাই সৰু পুতেক যাকোবক মতাই আনি ক’লে, “শুনা, তোমাৰ ককায়েৰা এচৌৱে তোমাক বধ কৰাৰ মন্ত্রণাৰে নিজকে নিজে শান্ত্বনা দিছে।
779  GEN 28:5  এইদৰে ইচহাকে যাকোবক পঠাই দিলে আৰু যাকোবেও পদ্দন-অৰামৰ অৰামীয়া বথোৱেলৰ পুত্ৰ লাবনৰ ওচৰলৈ গ’ল। লাবন যাকোব আৰু এচৌৰ মাক ৰিবেকাৰ ককায়েক আছিল।
780  GEN 28:6  পাছত এচৌৱে জানিলে যে ইচহাকে যাকোবক আশীৰ্ব্বাদ কৰি পদ্দন-অৰামৰ পৰা কোনো ছোৱালীক বিয়া কৰি আনিবলৈ পঠাইছে; তেওঁ আৰু শুনিলে যে ইচহাকে যাকোবক আশীৰ্ব্বাদ দিয়াৰ সময়ত এই আজ্ঞা দিছিল “তুমি কোনো কনানীয়া ছোৱালীক বিয়া নকৰিবা।”
781  GEN 28:7  এচৌৱে দেখিলে, যাকোবে তেওঁৰ পিতৃ-মাতৃৰ আদেশ মানি পদ্দন-অৰামলৈ গুছি গ’ল।
782  GEN 28:8  তাতে এচৌৱে বুজি পালে যে এই কনানীয়া মহিলাসকলৰ প্রতি তেওঁৰ পিতৃ ইচহাক সন্তুষ্ট নহয়।
802  GEN 29:6  তেওঁ তেওঁলোকক সুধিলে, “তেওঁ ভালে আছেনে?” তেওঁলোকে ক’লে, “হয়, তেওঁ ভালে আছে; সৌৱা চাওঁক, তেওঁৰ জীয়েক ৰাহেলে মেৰ-ছাগৰ জাক লৈ আহিছে।”
803  GEN 29:7  যাকোবে ক’লে, “চোৱা, বেলি পৰিবলৈ এতিয়াও বহুত দেৰি আছে; পশুবোৰ এঠাইত গোট খোৱাৰ সময় এতিয়াও হোৱা নাই। আপোনালোকে মেৰ-ছাগবোৰক পানী খুৱাই আকৌ চৰাবলৈ লৈ যাওঁক।”
808  GEN 29:12  তেওঁ ৰাহেলক জনালে যে, তেওঁ তাইৰ পিতৃৰ আত্মীয়, ৰিবেকাৰ ল’ৰা। তেতিয়া ৰাহেলে দৌৰি গৈ নিজৰ পিতৃক এই কথা জনালে।
809  GEN 29:13  লাবনে নিজৰ ভনীয়েকৰ ল’ৰা যাকোব অহাৰ খবৰ পাই আগবঢ়াই নিবলৈ দৌৰি আহি তেওঁক সাৱটি ধৰি চুমা খালে আৰু নিজৰ ঘৰলৈ লৈ গ’ল। তেতিয়া যাকোবে লাবনক তেওঁ অহাৰ সকলো কথা জনালে।
842  GEN 30:11  লেয়াই ক’লে, “ই কেনে সৌভাগ্য!” এইবুলি তেওঁ ল’ৰাটিৰ নাম গাদ ৰাখিলে।
846  GEN 30:15  তাতে লেয়াই তেওঁক ক’লে “তুমি মোৰ স্বামীকে ল’লা, ই জানো সৰু কথা? আকৌ এতিয়া মোৰ পুত্রই অনা দুদা ফলো তুমি ল’ব খোজানে?” তেতিয়া ৰাহেলে ক’লে, “তেন্তে তোমাৰ পুত্রই অনা দুদা ফলৰ সলনি তেওঁ আজি ৰাতি তোমাৰে সৈতে শয়ন কৰিব।”
850  GEN 30:19  পাছত লেয়া আকৌ গৰ্ভৱতী হ’ল আৰু যাকোবলৈ তেওঁ ষষ্ঠ পুত্ৰ প্রসৱ কৰিলে।
863  GEN 30:32  আজি আপোনাৰ আটাইবোৰ পশুৰ জাকৰ মাজেদি মোক যাবলৈ দিয়ক। সেইবোৰৰ মাজৰ যিবোৰ মেৰ-ছাগৰ গাত ফুটুকা-ফুটুকী আৰু পখৰা-পখৰি দাগ আছে আৰু সকলো ক’লা বৰণৰ মেৰ-ছাগ আছে, মই বেলেগ কৰিম। আকৌ যি ছাগলী ফুটুকা-ফুটুকী আৰু পখৰা-পখৰি দাগ আছে, সেইবোৰকো বেলেগ কৰিম। সেয়ে মোৰ বেচ হব।
882  GEN 31:8  যেতিয়া তেওঁ কৈছিল, ‘ফুটুকা-ফুটুকী পশুবোৰ তোমাৰ বেচ হ’ব’, তেতিয়া জাকৰ সকলো পশুৱেই ফুটুকা-ফুটুকী পোৱালি জগালে; আকৌ, তেওঁ যেতিয়া কৈছিল, আঁচ থকা পশুবোৰ তোমাৰ বেচ হ’ব, তেতিয়া জাকৰ সকলো পশুৱেই আঁচ থকা পোৱালি জগালে।
886  GEN 31:12  ঈশ্বৰে ক’লে, সৌৱা, চকু তুলি চোৱা, মাইকী ছাগলীবোৰৰ ওপৰত যিবোৰ মতা ছাগলী উঠিছে, সেইবোৰ আঁচ থকা, ফুটুকা-ফুটুকী আৰু পখৰা-পখৰী; কিয়নো লাবনে তোমালৈ যি যি কৰিছে, সেই সকলোকে মই দেখিছোঁ।
915  GEN 31:41  এই যি বিশ বছৰ মই আপোনাৰ ঘৰত আছিলোঁ, তাৰ চৌদ্ধ বছৰ মই আপোনাৰ দুজনী ছোৱালীৰ কাৰণে আপোনাৰ সেৱা কৰিছিলোঁ আৰু ছয় বছৰ কটালোঁ আপোনাৰ পশুজাকৰ পাছত। তাৰ মাজতে আপুনি মোৰ বেচ দহবাৰ সলনি কৰিলে।
932  GEN 32:4  যাকোবে তেওঁৰ আগে আগে চেয়ীৰ, অর্থাৎ ইদোমৰ অঞ্চললৈ তেওঁৰ ককায়েক এচৌৰ ওচৰলৈ কেইজনমান বার্তাবাহকক পঠালে,
933  GEN 32:5  তেওঁ তেওঁলোকক এই বুলি আজ্ঞা দিলে, “তোমালোকে মোৰ মালিক এচৌক জনাবা যে তেওঁৰ দাস যাকোবে এই দৰে কৈ পঠাইছে, মই আজিলৈকে লাবনৰ সৈতে আছিলোঁ।।
935  GEN 32:7  বার্তাবাহকসকলে যাকোবৰ ওচৰলৈ উলটি আহি ক’লে, “আমি আপোনাৰ ককাই এচৌৰ তালৈ গৈছিলোঁ। তেওঁ চাৰিশ মানুহ লগত লৈ আপোনাৰে সৈতে সাক্ষাৎ কৰিবলৈ আহিছে।”
937  GEN 32:9  তেওঁ ক’লে, “এচৌৱে যদি আহি এটা দলক আক্রমণ কৰে, তেন্তে আনটো দলে পলাব পাৰিব।”
940  GEN 32:12  মই মিনতি কৰোঁ, মোৰ ককাই এচৌৰ হাতৰ পৰা মোক ৰক্ষা কৰক। কিয়নো মোৰ ভয় লাগিছে যে তেওঁ আহি মোৰ লগতে মাক আৰু সন্তান সকলকো বধ কৰিব।
942  GEN 32:14  যাকোবে সেই ঠাইতে ৰাতিটো কটালে। তেওঁৰ যি আছিল তাৰ পৰাই কিছু লৈ ককায়েক এচৌৰ কাৰণে এক উপহাৰ স্বৰূপে ঠিক কৰি ৰাখিলে।
946  GEN 32:18  তেওঁ প্ৰথমটো দলৰ দাসক এই আজ্ঞা দিলে, “মোৰ ককাই এচৌৰ লগত দেখা হ’লে তেওঁ তোমাক যেতিয়া সুধিব, ‘তুমি ক’ৰ মানুহ? তুমি কলৈ গৈ আছা? তোমাৰ আগত থকা সেই পশুবোৰ কাৰ?’
947  GEN 32:19  তেতিয়া তুমি ক’বা, ‘সেইবোৰ আপোনাৰ দাস যাকোবৰ; তেওঁ মোৰ মালিক এচৌলৈ এই উপহাৰ পঠাইছে। তেৱোঁ আমাৰ পাছে পাছে আহি আছে।’”
948  GEN 32:20  এইদৰে যাকোবে দ্বিতীয়, তৃতীয় আৰু জাকবোৰৰ পাছত যোৱা আন আন সকলোকে এই আজ্ঞা দিলে, “তোমালোকেও এচৌক ল’গ পালে ঠিক এই কথাকে কবা।
962  GEN 33:1  তাৰ পাছত যাকোবে দেখিলে যে, এচৌৱে চাৰিশ মানুহ লগত লৈ আগুৱাই আহি আছে। তেওঁ তেতিয়া লেয়া, ৰাহেল, আৰু দুজনী দাসীৰ মাজত সন্তান সকলক ভাগ কৰি দিলে।
965  GEN 33:4  তেতিয়া এচৌৱে তেওঁৰ ওচৰলৈ দৌৰি আহি তেওঁক সাৱটি ধৰিলে; ডিঙিত ধৰি সাৱটি চুমা খালে আৰু তাৰ পাছত দুয়োৱে কান্দিবলৈ ধৰিলে।
966  GEN 33:5  পাছত এচৌৱে চকু তুলি মহিলা আৰু সন্তান সকলক দেখি সুধিলে, “তোমাৰ লগত এওঁলোক কোন?” যাকোবে ক’লে “ঈশ্বৰে অনুগ্ৰহ কৰি আপোনাৰ দাসক এই সকলো সন্তান দিলে।”
969  GEN 33:8  এচৌৱে ক’লে, “মই যি দলবোৰক লগ পালোঁ, সেই সকলো কিহৰ বাবে?” যাকোবে ক’লে, “সেইবোৰ মোৰ মালিকৰ দৃষ্টিত অনুগ্ৰহ পাবৰ বাবে।”
970  GEN 33:9  তেতিয়া এচৌৱে ক’লে, “ভাই, মোৰ যথেষ্ট আছে; তোমাৰ যি আছে, সেয়া তোমালৈকো থাকক।”
972  GEN 33:11  বিনয় কৰোঁ, আপোনালৈ অনা মোৰ উপহাৰ গ্ৰহণ কৰক; কিয়নো ঈশ্বৰে মোক প্রচুৰ দয়া কৰিছে আৰু মোৰ যথেষ্ট আছে।” যাকোবে এইদৰে কাবৌকাকুতি কৰাত এচৌৱে তাক গ্রহণ কৰিলে।
973  GEN 33:12  পাছত এচৌৱে ক’লে, “আহাঁ, আমি আমাৰ পথত যাওঁহঁক। মই তোমাৰ আগে আগে যাম।”
976  GEN 33:15  এচৌৱে ক’লে, “তেন্তে মোৰ লগৰ কিছুমান মানুহ তোমাৰ লগত থৈ যাওঁ।” কিন্তু যাকোবে ক’লে, “তাৰ কি প্রয়োজন? মোৰ মালিকৰ পৰা মই যি দয়া পাইছো, সেয়ে মোলৈ যথেষ্ট।”
977  GEN 33:16  পাছত এচৌৱে সেই দিনাই চেয়ীৰৰ ফাললৈ নিজ বাটেদি উভটি গ’ল;
1013  GEN 35:1  তাৰ পাছত ঈশ্বৰে যাকোবক ক’লে, “উঠা, তুমি এতিয়া বৈৎএললৈ গৈ তাত নিবাস কৰাগৈ আৰু তুমি তোমাৰ ককাই এচৌৰ আগৰ পৰা পলাই যোৱা সময়ত, যিজন সৰ্বশক্তিমান ঈশ্বৰে তোমাক দৰ্শন দিছিল, সেই ঈশ্বৰৰ উদ্দেশ্যে তাত এটা যজ্ঞবেদি নিৰ্ম্মাণ কৰাগৈ।”
1033  GEN 35:21  তাৰ পাছত ইস্ৰায়েলে তাৰ পৰা আকৌ যাত্ৰা কৰিলে। তেওঁ মিকদল-এদৰ নামৰ ঠাইখন এৰি আগবাঢ়ি গৈ তেওঁৰ তম্বু তৰিলে।
1041  GEN 35:29  ইচহাকে এক পৰিপূর্ণ আয়ুস কটাই বৃদ্ধ হৈ মৃত্যু বৰণ কৰি তেওঁৰ পূর্বপুৰুষসকলৰ ওচৰলৈ গ’ল; তাতে তেওঁৰ পুত্ৰ এচৌ আৰু যাকোবে তেওঁক মৈদাম দিলে।
1042  GEN 36:1  এচৌ অর্থাৎ যিজনক ইদোম বোলা হয়, তেওঁৰ বংশৰ তালিকা হৈছে এনেদৰে।
1043  GEN 36:2  এচৌৱে কনানীয়া ছোৱালীবোৰক বিয়া কৰিছিল। সেই ছোৱালীবোৰ হৈছে হিত্তীয়া এলোনৰ জীয়েক আদা; হিব্বীয়া চিবিয়োনৰ নাতিনীয়েক অর্থাৎ অনাৰ জীয়েক অহলীবামা।
1045  GEN 36:4  এইসকলৰ মাজত আদাই এচৌলৈ ইলীফজ আৰু বাচমতে ৰূৱেলক প্রসৱ কৰিলে;