Wildebeest analysis examples for:   asm-asmfb   ঘ    February 24, 2023 at 23:39    Script wb_pprint_html.py   by Ulf Hermjakob

11  GEN 1:11  ঈশ্বৰে ক’লে, “ভূমিয়ে ঘাঁহ-বন, শস্য উৎপাদনকাৰী উদ্ভিদ আৰু বীজ থকা গছ উৎপন্ন কৰক; বিভিন্ন ধৰণৰ ভিতৰত গুটি থকা ফলৰ গছ স্থলভাগৰ ওপৰত গজি উঠক।” তাতে তেনেদৰেই হ’ল;
12  GEN 1:12  ভূমিত ঘাঁহ-বন, শস্যদায়ী উদ্ভিদ আৰু বীজ থকা গছ উৎপন্ন হ’ল; বিভিন্ন ধৰণৰ ফলৰ গছ হ’ল আৰু ফলৰ ভিতৰত গুটি হ’ল। তেতিয়া ঈশ্বৰে এইবোৰ উত্তম দেখিলে।
24  GEN 1:24  তাৰ পাছত ঈশ্বৰে ক’লে, “পৃথিৱীত বিভিন্ন ধৰণৰ প্ৰাণী উৎপন্ন হওঁক; ঘৰচীয়া পশু, বগাই ফুৰা প্ৰাণী আৰু নানা বিধ বনৰীয়া জন্তু উৎপন্ন হওঁক।” তাতে তেনেকুৱাই হ’ল।
25  GEN 1:25  ঈশ্বৰে বিভিন্ন বনৰীয়া জন্তু, বিভিন্ন ঘৰচীয়া পশু আৰু মাটিত বগাই ফুৰা বিভিন্ন প্ৰাণী নিৰ্ম্মাণ কৰিলে। তেতিয়া ঈশ্বৰে এইবোৰ উত্তম দেখিলে।
26  GEN 1:26  তাৰ পাছত ঈশ্বৰে ক’লে, “আমি নিজৰ প্ৰতিমুৰ্ত্তিৰ দৰে আমাৰ সাদৃশ্যেৰে মানুহ নিৰ্ম্মাণ কৰোঁহক; তেওঁলোকে সমুদ্ৰৰ মাছ, আকাশৰ চৰাই, ঘৰচীয়া পশু, সমুদায় পৃথিৱী আৰু পৃথিবীত বগাই ফুৰা প্রাণীৰ ওপৰত অধিকাৰ চলাওঁক।”
35  GEN 2:4  এয়াই হৈছে আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টিৰ ইতিহাস। ঈশ্বৰ যিহোৱাই যিদিনা পৃথিৱী আৰু আকাশ-মণ্ডল নিৰ্ম্মাণ কৰিলে, সেই কালৰ ঘটনাৰ বিৱৰণ এই।
37  GEN 2:6  কিন্তু পৃথিবীৰ পৰা এক ঘন কুঁৱলী উঠি আহিল আৰু গোটেই ভূমি ভিজালে।
42  GEN 2:11  প্ৰথম নৈৰ নাম পীচোন; এই নদীখন সমুদায় হবীলা দেশকে ঘেৰি বৈ গৈছে; এই দেশত সোণ পোৱা যায়।
44  GEN 2:13  দ্বিতীয় নৈখনৰ নাম গীহোন। এই নদী কুচ দেশখনক ঘেৰি বৈ গৈছে।
51  GEN 2:20  মানুহে সকলো ঘৰচীয়া পশু, আকাশৰ চৰাই, বনৰীয়া জন্তুবোৰৰ নাম দিলে; কিন্তু মানুহে নিজৰ কাৰণে সেইবোৰৰ মাজত উপযুক্ত সহকাৰী নাপালে।
70  GEN 3:14  ঈশ্বৰ যিহোৱাই সৰ্পক ক’লে, “তোৰ এই কার্যৰ কাৰণে ভূমিৰ সকলো ঘৰচীয়া আৰু বনৰীয়া প্রাণীবোৰৰ মাজত কেৱল তোকে অভিশপ্ত কৰা হ’ল। তই পেটেৰে গতি কৰিবি আৰু তোৰ জীৱনৰ গোটেই কালত ধুলি খাবি।
75  GEN 3:19  মাটিলৈ উলটি নোযোৱা পর্যন্ত মূৰৰ ঘাম পেলাই তুমি আহাৰ কৰিব লাগিব; কিয়নো তোমাক মাটিৰ পৰা লোৱা হৈছিল; তুমি ধুলি মাথোন আৰু পুনৰায় ধুলিলৈকে উলটি যাবা।”
80  GEN 3:24  এইদৰে ঈশ্বৰে মানুহক এদন বাৰীৰ পৰা খেদাই দিলে; তাৰ পাছত জীৱন-বৃক্ষৰ ওচৰলৈ যোৱাৰ পথ ৰখিবলৈ, এদন বাৰীৰ পুবফালে কৰূবসকলক ৰাখিলে আৰু চাৰিওফালে ঘূৰি থকা এখন জলন্তময় তৰোৱালকো তাত থলে।
94  GEN 4:14  আজি আপুনি মোক ভূমিৰ পৰা খেদি পঠালে; মই আপোনাৰ সন্মুখৰ পৰা লুকাই থকিব লগা হ’ব; এই পৃথিবীত পলৰীয়া হৈ মই যেতিয়া ঘূৰি ফুৰিব লগা হ’ব, তেতিয়া যেয়ে মোক পাব তেৱেঁ মোক বধ কৰিব।”
103  GEN 4:23  লেমকে তেওঁৰ দুই ভার্য্যাক ক’লে, “হে আদা আৰু চিল্লা, তোমালোকে মোৰ কথা শুনা; হে লেমকৰ ভার্য্যাসকল, মোৰ কথালৈ কাণ দিয়া; কিয়নো আঘাত কৰাৰ বাবে এজন লোকক, আঘাত কৰাৰ বাবে এজন যুবকক মই বধ কৰিলোঁ।
153  GEN 6:15  জাহাজখন তুমি এইদৰে নির্ম্মাণ কৰিবা: দীঘলে তিনিশ হাত, পথালিয়ে পঞ্চাশ হাত আৰু তাৰ উচ্চতা হ’ব ত্ৰিশ হাত।
174  GEN 7:14  তেওঁলোকৰ লগত বিধে বিধে সকলো বনৰীয়া পশু আৰু ঘৰচীয়া পশু, বিধে বিধে মাটিত বগাই ফুৰা সকলো প্ৰাণী আৰু সকলো বিধ চৰাই চিৰিকটিও উঠিল।
181  GEN 7:21  পৃথিৱীৰ ওপৰত থকা সকলো জীৱিত প্রাণীৰে মৃত্যু হ’ল। চৰাই-চিৰিকতি, ঘৰচীয়া আৰু বনৰীয়া পশু, মাটিৰ ওপৰত জাক পাতি ঘূৰি ফুৰা কীট-পতঙ্গ আৰু সকলো মানুহৰেই মৃত্যু হ’ল।
201  GEN 8:17  তোমাৰ লগত চৰাই, ঘৰচীয়া পশু আৰু মাটিত বগাই ফুৰা উৰগ আদি কৰি সকলো জীৱিত প্রাণীকে জাহাজৰ পৰা উলিয়াই আনা; সেইবোৰে পৃথিৱীত সিহঁতৰ বংশ বৃদ্ধি কৰক আৰু বহুবংশ হৈ সংখ্যাত বাঢ়ি যাওক।”
203  GEN 8:19  পৃথিৱীত ঘূৰি-ফুৰা সকলো জীৱিত প্রাণী, সকলো বগাই ফুৰা জীৱ, পশু-পক্ষীও নিজৰ জাতি অনুসাৰে জাহাজৰ পৰা ওলাই আহিল।
205  GEN 8:21  যিহোৱাই সেই হোম-বলিৰ সুঘ্ৰাণত সন্তোষ পাই নিজৰ মনেতে ক’লে, “সৰু কালৰে পৰা মানুহৰ মন মন্দতাৰ ফালে ঢাল খোৱা; কিন্তু মই মানুহৰ কাৰণে ভূমিক আৰু কেতিয়াও শাও নিদিওঁ; সেয়ে, মই যি দৰে কৰিলোঁ, পুনৰায় সেইদৰে সকলো প্ৰাণীক ধ্বংস নকৰোঁ।
216  GEN 9:10  যি সকলো প্রাণী তোমালোকৰ লগত আছে অর্থাৎ চৰাই, ঘৰচীয়া আৰু বনৰীয়া পশু আদি কৰি তোমালোকৰ লগত থকা যিমান জীৱ-জন্তু জাহাজৰ পৰা ওলাল, পৃথিৱীত থকা সেই সকলোবোৰৰ কাৰণে মই মোৰ নিয়ম স্থাপন কৰোঁ।
219  GEN 9:13  মেঘত মই মোৰ ধনু থৈছো; এই মেঘধনুয়েই হ’ব মোৰ আৰু পৃথিৱীৰ মাজত হোৱা প্রতিজ্ঞাৰ চিন।
220  GEN 9:14  যেতিয়া মই পৃথিৱীৰ ওপৰলৈ মেঘ আনিম, তেতিয়া তোমালোকে সেই মেঘৰ মাজত মেঘধনু দেখা পাবা;
222  GEN 9:16  মেঘত যেতিয়া মেঘধনু ওলাব, তেতিয়া মই তাক দেখি পৃথিৱীৰ সকলো প্ৰাণীৰ কাৰণে মোৰ এই চিৰস্থায়ী নিয়মৰ কথা মই সোঁৱৰণ কৰিম।”
254  GEN 10:19  কনানীয়াসকলৰ সীমা চীদোনপৰা গৰাৰৰ ফালে গাজা পর্যন্ত আৰু চদোম, ঘমোৰা, অদ্মা, আৰু চবোয়ীমলৈ যোৱাৰ ফালে লেচা পর্যন্ত আছিল।
269  GEN 11:2  পাছত লোকসকলে পূব দিশে ঘূৰি ফুৰি গৈ চিনাৰ দেশত আহি এখন সমতল ভূমি পালে আৰু তাতে বাস কৰিবলৈ ধৰিলে।
300  GEN 12:1  যিহোৱাই অব্ৰামক ক’লে, “তুমি তোমাৰ নিজৰ দেশ, তোমাৰ আত্মীয়-স্বজন আৰু তোমাৰ পিতৃৰ ঘৰ ত্যাগ কৰি মই যি দেশ তোমাক দেখুৱাম সেই দেশলৈ যোৱা।
316  GEN 12:17  কিন্তু অব্ৰামৰ ভাৰ্যা চাৰীৰ কাৰণে যিহোৱাই ফৰৌণ আৰু তেওঁৰ পৰিয়ালৰ সকলো লোকৰ মাজত ভয়ঙ্কৰ মহামাৰী ঘটালে।
329  GEN 13:10  তেতিয়া লোটে চাৰিওফালে চাই দেখিলে যে যৰ্দ্দন নদীৰ পাৰৰ গোটেই সমতল ভূমিত চোৱৰলৈকে প্রচুৰ পানী আছে; সেই ঠাইখিনি যিহোৱাৰ বাগিছাৰ নিচিনা আৰু মিচৰ দেশৰ নিচিনা; যিহোৱাই চদোম আৰু ঘমোৰা নগৰ ধ্বংস কৰাৰ পূৰ্বতে এই সমতল ভূমি তেনেকুৱা আছিল।
336  GEN 13:17  উঠা, এই ভূমিৰ দীঘে পথালিয়ে ঘূৰি ফুৰা; কিয়নো মই তোমাক এই দেশখনকে দিম।”
339  GEN 14:2  সেইসময়ত এই কেইজন ৰজাই মিলি চদোমৰ বিৰা ৰজা, ঘমোৰাৰ বিৰ্চা ৰজা, অদ্মাৰ চিনাব ৰজা, চবোয়ীমৰ চিমেবৰ ৰজা আৰু বিলা অৰ্থাৎ চোৱৰৰ ৰজাসকলৰ বিৰুদ্ধে যুদ্ধ কৰিলে।
344  GEN 14:7  তাৰ পাছত এই ৰজাসকল ঘূৰি গৈ অয়িন-মিস্পাট অৰ্থাৎ কাদেচলৈ গ’ল। তেওঁলোকে অমালেকীয়াসকলৰ গোটেই দেশ জয় কৰি ল’লে আৰু হচচোন-তামৰত থকা ইমোৰীয়াসকলকো পৰাজয় কৰিলে।
345  GEN 14:8  এই সকলো ঘটনাৰ পাছত চদোমৰ ৰজা, ঘমোৰাৰ ৰজা, অদ্মাৰ ৰজা, চবোয়ীমৰ ৰজা আৰু বিলাৰ ৰজা অৰ্থাৎ চোৱৰৰ ৰজা ওলাই গৈ যুদ্ধৰ কাৰণে যুগুত হ’ল।
347  GEN 14:10  চিদ্দিম উপত্যকাত আলকতৰাৰে পূর্ণ বহুতো গাত আছিল; যেতিয়া চদোম আৰু ঘমোৰাৰ ৰজা পলাই গৈছিল, তেতিয়া তেওঁলোক সেই গাতত পৰিল; আন অৱশিষ্ট লোকসকল পাহাৰলৈ পলাই গ’ল।
348  GEN 14:11  শত্রুপক্ষই চদোম আৰু ঘমোৰাৰ সকলো ধন-সম্পত্তি আৰু বয়-বস্তু লুট কৰি লৈ গুচি গ’ল।
352  GEN 14:15  পাছত ৰাতি তেওঁ নিজৰ লোকসকলক কিছুমান দলত বিভক্ত কৰি শত্রুবোৰক আঘাত কৰিলে আৰু দম্মেচকৰ উত্তৰে অৱস্থিত হোবা পর্যন্ত তেওঁলোকক খেদি পঠিয়ালে।
353  GEN 14:16  তেওঁ সকলোবোৰ সম্পত্তি ঘূৰাই আনিলে; তেওঁৰ ভতিজা পুতেক লোটক তেওঁৰ বয়-বস্তুৰে সৈতে উদ্ধাৰ কৰিলে আৰু পুৰুষ-মহিলা সকলোকে ওভটাই আনিলে।
362  GEN 15:1  এইবোৰ ঘটনাৰ পাছত, দৰ্শনযোগে অব্ৰামলৈ যিহোৱাৰ বাক্য আহিল, তেওঁ ক’লে, “হে অব্ৰাম, ভয় নকৰিবা; ময়েই তোমাৰ ঢাল আৰু মহা পুৰস্কাৰস্বৰূপ।”
363  GEN 15:2  অব্ৰামে ক’লে, “হে প্ৰভু যিহোৱা; আপুনি মোক কি দিব? মই যে নিঃসন্তান। দম্মেচকীয়া ইলীয়েজৰহে মোৰ ঘৰৰ উত্তৰাধিকাৰী হৈছে।”
364  GEN 15:3  অব্ৰামে ক’লে, “আপুনি মোক সন্তান নিদিলে আৰু সেয়ে মোৰ ঘৰৰ এজন দাসেই মোৰ উত্তৰাধিকাৰী হ’ব।”
373  GEN 15:12  পাছত যেতিয়া সূর্য মাৰ গৈছিল, তেতিয়া অব্ৰামৰ ঘোৰ টোপনি আহিল; হঠাতে এক ঘন আৰু ভয়ংকৰ অন্ধকাৰ তেওঁৰ ওপৰত নামি আহিল।
410  GEN 17:12  বংশানুক্রমে তোমালোকৰ প্রত্যেকজন পুত্ৰ-সন্তানৰ জন্মৰ আঠ দিনৰ দিনা এই চুন্নৎ হ’ব লাগিব; বংশৰ কোনো নহলেওঁ তোমালোকৰ ঘৰত জন্ম হোৱা আৰু বিদেশীৰ পৰা কিনি লোৱা দাসবোৰৰো চুন্নৎ হ’ব লাগিব।
411  GEN 17:13  তোমাৰ ঘৰত জন্ম হোৱা পুৰুষ আৰু তুমি কিনি লোৱা সকলো পুৰুষৰে চুন্নৎ হ’বই লাগিব; এইদৰে তোমালোকৰ শৰীৰত মোৰ বিধি চিৰকালৰ এক নিয়ম হ’ব।
421  GEN 17:23  তাৰ পাছত ঈশ্বৰৰ কথা অনুসাৰে অব্ৰাহামে তেওঁৰ পুতেক ইশ্মায়েলক, তেওঁৰ ঘৰত জন্ম হোৱা আৰু কিনি লোৱা দাসবোৰক অৰ্থাৎ অব্ৰাহামৰ ঘৰত যিমান পুৰুষ আছিল, তেওঁ সেই দিনাই সকলোৰে লিঙ্গাগ্ৰ-চৰ্ম্ম ছেদন কৰিলে।
425  GEN 17:27  তেওঁৰ লগতে ঘৰৰ আন সকলো পুৰুষৰ অর্থাৎ তেওঁৰ ঘৰত জন্ম হোৱা আৰু বিদেশীৰ পৰা যি সকলক কিনি লোৱা হৈছিল, সেই সকলো পুৰুষৰে চুন্নৎ কৰা হ’ল।
444  GEN 18:19  মই তেওঁক মনোনীত কৰিলোঁ যেন তেওঁ নিজৰ সন্তান সকলক আৰু ঘৰৰ ভাবীসন্তান সকলক যিহোৱাৰ পথত চলিবলৈ, সৎ আৰু ন্যায় কার্য কৰিবলৈ আজ্ঞা দিয়ে আৰু যেন যিহোৱাই অব্ৰাহামক যি কথা ক’লে তাক সিদ্ধ কৰিব পাৰে।”
445  GEN 18:20  তাৰ পাছত যিহোৱাই ক’লে, “চদোম আৰু ঘমোৰাক লৈ ভীষণ চিঞৰ-বাখৰ হৈছে আৰু তেওঁলোকৰ পাপও অতিশয় গুৰুতৰ হৈছে;
447  GEN 18:22  তাৰ পাছতে সেই পুৰুষ কেইজন তাৰ পৰা ঘূৰি চদোমৰ ফাললৈ গ’ল আৰু অব্ৰাহাম তেতিয়াও যিহোৱাৰ সন্মুখত থিয় হৈ থাকিল।
458  GEN 18:33  অব্ৰাহামৰ সৈতে কথোপকথন শেষ হোৱাৰ পাছত যিহোৱা নিজ বাটেদি সেই ঠাইৰ পৰা গুচি গ’ল আৰু অব্ৰাহামো নিজৰ ঘৰলৈ উভটি গ’ল।
460  GEN 19:2  তেওঁ ক’লে, “হে মোৰ প্ৰভুসকল, অনুগ্রহ কৰি আপোনালোকৰ এই দাসৰ ঘৰলৈ আহঁক আৰু ভৰি-হাত ধুই ৰাতিটো আজি ইয়াতে কটাওক। পুনৰ ৰাতিপুৱাতে উঠি নিজ বাটেদি গুচি যাব।” তেতিয়া তেওঁলোকে ক’লে, “নহয়, ৰাতিটো আমি নগৰৰ চকতেই থাকিম।”
461  GEN 19:3  কিন্তু বৰকৈ জোৰ কৰিবলৈ ধৰাত, তেওঁলোক লোটৰ লগত গৈ তেওঁৰ ঘৰত সোমাল; লোটে তেওঁলোকৰ কাৰণে খমীৰ নিদিয়া পিঠা সেকি এসাঁজ আহাৰ যুগুত কৰিলে আৰু তেওঁলোকক খাবলৈ দিলে।
462  GEN 19:4  কিন্তু তেওঁলোকে শুবলৈ যোৱাৰ আগতে নগৰৰ লোকসকলে অৰ্থাৎ চদোমৰ ল’ৰা-বৃদ্ধ আদি কৰি সকলো লোক নগৰৰ চাৰিওফালৰ পৰা আহি ঘৰটো বেৰি ধৰিলেহি।
466  GEN 19:8  চাওঁক, মোৰ দুজনী ছোৱালী আছে; কোনো পুৰুষৰ সৈতে সিহঁতৰ সংস্পৰ্শ হোৱা নাই; সিহঁতকে মই আপোনালোকৰ ওচৰলৈ উলিয়াই আনো; সিহঁতৰ লগত আপোনালোকে যি ভাল দেখে কৰক; কেৱল এই লোকসকলক একো নকৰিব; কিয়নো তেওঁলোকে এতিয়া মোৰ ঘৰৰ ছাঁত আশ্ৰয় লৈছে।”
468  GEN 19:10  তেতিয়া সেই দুজন পুৰুষে হাত মেলি লোটক ঘৰৰ ভিতৰলৈ টানি নিলে আৰু ভিতৰৰ পৰা দুৱাৰ বন্ধ কৰি দিলে;
469  GEN 19:11  তাৰ পাছত লোটৰ অতিথিসকলে ঘৰৰ দুৱাৰৰ বাহিৰত থকা সৰু বৰ সকলো মানুহকে আঘাত কৰি কণা কৰিলে; তাতে সেই মানুহবোৰে দুৱাৰ বিচাৰি বিচাৰি হাবাথুৰি খালে।
475  GEN 19:17  সকলোকে বাহিৰ কৰি অনাৰ পাছত তেওঁলোকৰ এজনে লোটক ক’লে, “প্ৰাণ বচাবলৈ হ’লে পলোৱা! পাছলৈ ঘূৰি নাচাবা আৰু এই সমভূমিৰ কোনো ঠাইতে নৰখিবা; পাহাৰটোলৈ পলাই যোৱা; নহ’লে তোমালোকো বিনষ্ট হ’বা।”
482  GEN 19:24  তেনেতে যিহোৱাই আকাশৰ পৰা চদোম আৰু ঘমোৰাৰ ওপৰত গন্ধক আৰু অগ্নি বর্ষাবলৈ ধৰিলে।
486  GEN 19:28  তেওঁ তলৰ ফালে চদোম, ঘমোৰা আৰু গোটেই সমতল ভূমিলৈ চাই দেখিলে যে অগ্নিকুণ্ডৰ ধুঁৱাৰ দৰে সেই সকলো ঠাইৰ পৰা ধুঁৱা উঠিছে।
509  GEN 20:13  ঈশ্বৰে যেতিয়া মোক মোৰ পিতৃৰ ঘৰ ত্যাগ কৰিবলৈ দিলে আৰু মোক এঠাইৰ পৰা আন ঠাইলৈ ভ্রমণ কৰাই লৈ ফুৰালে, তেতিয়া মই মোৰ ভার্য্যাক কৈছিলোঁ, ‘মোৰ ভার্য্যা হিচাবে তুমি মোলৈ এই বিশ্বস্ততা প্রকাশ কৰিবা: আমি যি ঠাইলৈকে যাম, তুমি মোক তোমাৰ ককাই বুলি পৰিচয় দিবা’।”
514  GEN 20:18  কিয়নো যিহোৱাই অব্ৰাহামৰ ভাৰ্যা চাৰাৰ কাৰণে অবীমেলকৰ ঘৰত থকা সকলো মহিলাৰ সন্তান ধাৰণৰ ক্ষমতা সম্পূর্ণভাৱে বন্ধ কৰিছিল।
549  GEN 22:1  এইবোৰ ঘটনাৰ পাছত ঈশ্বৰে অব্ৰাহামক পৰীক্ষা কৰিলে। ঈশ্বৰে তেওঁক “অব্ৰাহাম!” বুলি মতাত অব্রাহামে ক’লে, “এইয়া, মই আছোঁ।”
567  GEN 22:19  পাছত অব্ৰাহাম নিজৰ দাসবোৰৰ ওচৰলৈ উভটি আহিল আৰু সকলো একেলগে বেৰ-চেবালৈ ঘূৰি গ’ল; এই বেৰ-চেবাতে অব্ৰাহামে বাস কৰিছিল।
568  GEN 22:20  এইবোৰ ঘটনাৰ পাছত অব্ৰাহামে এই কথা শুনিবলৈ পালে, “তোমাৰ ককাই নাহোৰৰ ভার্য্যা মিল্কাৰো সতি-সন্ততিৰ জন্ম হ’ল।”
594  GEN 24:2  পাছত অব্ৰাহামে সকলো কাৰ্য পৰিচালনা কৰা ঘৰৰ বৃদ্ধ দাসক ক’লে, “বিনয় কৰোঁ, তুমি মোৰ কৰঙনৰ তলত হাত দিয়া।
612  GEN 24:20  এই বুলি তাই বেগতে ঘোলনিত কলহৰ পানী বাকি দি, আকৌ পানী তুলিবলৈ কুৱাঁলৈ গৈ, উটবোৰলৈ পানী তুলি দি আছিল।
615  GEN 24:23  “কোৱাচোন তুমি কাৰ জীয়েক? বিনয় কৰোঁ, এই ৰাতি থাকিবলৈ তোমাৰ পিতৃৰ ঘৰত আমাৰ বাবে ঠাই হ’ব নে?”
619  GEN 24:27  তেওঁ ক’লে “মোৰ প্রভু অব্ৰাহামৰ ঈশ্বৰ যিহোৱা ধন্য; মোৰ প্ৰভুৰ প্রতি তেওঁ বিশ্বস্ততা আৰু বিশ্বাসযোগ্যতা এতিয়ালৈ ত্যাগ কৰা নাই। এইদৰে মোক যিহোৱাই স্পষ্টভাৱে বাট দেখুৱাই মোৰ প্রভুৰ আত্মীয়ৰ ঘৰলৈ লৈ আনিলে।”
620  GEN 24:28  পাছত সেই ছোৱালীজনী বেগাই ঘৰলৈ গ’ল আৰু মাকৰ লগতে ঘৰৰ সকলোকে এই সকলো কথা ক’লে।
623  GEN 24:31  লাবনে ক’লে, “আপুনি যিহোৱাৰ আশীৰ্ব্বাদপ্ৰাপ্ত লোক, আহঁক; বাহিৰত কিয় এনেদৰে থিয় হৈ আছে? মই আপোনাৰ বাবে ঘৰ আৰু উটবোৰলৈয়ো ঠাই যুগুত কৰিছোঁ।”
624  GEN 24:32  তেতিয়া পুৰুষজন গৈ সেই ঘৰত সোমাল। উটবোৰৰ পৰা বোজাবোৰ নমালে আৰু খাবলৈ খেৰ আৰু দানা দিলে। তাৰ পাছত তেওঁক আৰু তেওঁৰ লগত যোৱা লোকসকলক ভৰি ধুবলৈ পানী দিলে।
641  GEN 24:49  এতিয়া মই কওঁ, ‘তুমি যদি মোৰ প্ৰভুৰ পৰিয়ালৰ সৈতে বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য হ’বলৈ সন্মত হোৱা, তেনেহলে মোক কোৱা; কিন্তু যদি নহোৱা, তেনেহলেও মোক কোৱা, কিয়নো তেতিয়া মই সোঁফালে বা বাওঁফালে ঘূৰিম।”
652  GEN 24:60  তেওঁলোকে ৰিবেকাক আশীৰ্ব্বাদ কৰিলে আৰু ক’লে, “হে আমাৰ ভনী, তুমি অযুত অযুত লোকৰ আদি-মাতৃ হোৱাগৈ, আৰু তোমাৰ বংশই তোমাক ঘৃণা কৰা লোকসকলৰ নগৰৰ দুৱাৰবোৰ অধিকাৰ কৰক।”
686  GEN 25:27  এই ল’ৰা দুটি ডাঙৰ হোৱাৰ পাছত এচৌ এজন নিপুণ চিকাৰী হ’ল। তেওঁ বনে বনে ঘূৰি ফুৰিছিল। কিন্তু যাকোব আছিল শান্ত স্বভাৱৰ। তেওঁ তম্বুত থাকিয়েই সময় কটাইছিল।
720  GEN 26:27  তাতে ইচহাকে তেওঁলোকক ক’লে, “তোমালোকে মোক ঘিণ কৰি তোমালোকৰ ওচৰৰ পৰা খেদি পঠালা; এতিয়া নো তোমালোক মোৰ ওচৰলৈ কেলৈ আহিছা?”
743  GEN 27:15  তাৰ পাছত ৰিবেকাই তেওঁৰ ওচৰত ঘৰতে থকা বৰ পুতেক এচৌৰ আটাইতকৈ উত্তম বস্ত্ৰ লৈ সৰু পুতেক যাকোবক পিন্ধালে।
758  GEN 27:30  ইচহাকে যাকোবক আশীৰ্ব্বাদ দি শেষ কৰিলে আৰু যাকোবে তেওঁৰ পিতৃ ইচহাকৰ ওচৰৰ পৰা বাহিৰ হৈ যোৱা মাত্ৰকেই, তেওঁৰ ককায়েক এচৌ চিকাৰৰ পৰা ঘূৰি আহি পালেহি।
769  GEN 27:41  পাছত যাকোবে তেওঁৰ পিতৃৰ পৰা আশীৰ্ব্বাদ লাভ কৰাৰ কাৰণে এচৌৱে তেওঁক ঘিণ কৰিবলৈ ধৰিলে। তেওঁ নিজ মনতে ক’লে, “মোৰ পিতৃৰ বাবে শোকৰ দিন ওচৰ চাপি আহিছে; তাৰ পাছতে মই মোৰ ভাই যাকোবক বধ কৰিম।”
773  GEN 27:45  তোমাৰ প্রতি তোমাৰ ককায়েৰাৰ খং মাৰ নোযোৱা পর্যন্ত আৰু তুমি তেওঁলৈ যি কৰিলা তাক তেওঁ পাহৰি নোযোৱালৈকে তুমি তেওঁৰ লগত কিছুদিন থাকা; পাছত মানুহ পঠাই মই তোমাক তাৰ পৰা ঘূৰাই আনিম; কিয় মই একেদিনাই তোমালোক দুয়োকো হেৰুৱাম?”
776  GEN 28:2  তুমি উঠি পদ্দন-অৰাম দেশত তোমাৰ মাতৃৰ পিতৃগৃহ বথোৱেলৰ ঘৰলৈ যোৱা। তাৰ পৰা তোমাৰ মোমায়েৰা লাবনৰ জীয়েকহঁতৰ মাজৰ কোনো এজনীক বিয়া কৰি আনাগৈ।
783  GEN 28:9  সেয়ে দুগৰাকী ভার্য্যা থকাতো তেওঁ অব্ৰাহামৰ পুতেক ইশ্মায়েলৰ ঘৰলৈ গৈ তেওঁৰ জীয়েক মহলতক বিয়া কৰিলে। মহলত নবায়োতৰ ভনীয়েক আছিল।
795  GEN 28:21  যদি মই পিতৃৰ ঘৰলৈ পুনৰায় নিৰাপদে ঘূৰি আহিব পাৰোঁ, তেন্তে এই যিহোৱায়েই মোৰ ঈশ্বৰ হ’ব।
796  GEN 28:22  তেতিয়া এই যি শিল মই স্তম্ভ স্বৰূপে স্থাপন কৰিলোঁ, ই এক পবিত্র শিল হ’ব; আপুনি মোক যি যি দিব, মই তাৰ দহ ভাগৰ এভাগ আপোনাক ঘূৰাই দিম।”
809  GEN 29:13  লাবনে নিজৰ ভনীয়েকৰ ল’ৰা যাকোব অহাৰ খবৰ পাই আগবঢ়াই নিবলৈ দৌৰি আহি তেওঁক সাৱটি ধৰি চুমা খালে আৰু নিজৰ ঘৰলৈ লৈ গ’ল। তেতিয়া যাকোবে লাবনক তেওঁ অহাৰ সকলো কথা জনালে।
810  GEN 29:14  লাবনে তেওঁক ক’লে, “তুমি সচাঁকৈয়ে মোৰ শৰীৰৰ হাড় আৰু মঙহৰ লোক।” তাৰ পাছত যাকোব লাবনৰ ঘৰত এমাহ থাকিল।
845  GEN 30:14  পাছত ঘেহুঁধান দোৱাৰ সময়ত, ৰূবেণে ওলাই গৈ পথাৰত দুদা ফল পাই তেওঁৰ মাক লেয়াক আনি দিলে; তেতিয়া ৰাহেলে লেয়াক ক’লে, “তোমাৰ পুত্রই অনা দুদা ফলৰ কেইটামান মোকো দিয়া।”
856  GEN 30:25  ৰাহেলে যোচেফক প্ৰসৱ কৰাৰ পাছত যাকোবে লাবনক ক’লে, “এতিয়া মোক বিদায় দিয়ক যাতে মই নিজৰ দেশ আৰু নিজৰ ঘৰলৈ যাব পাৰোঁ।
888  GEN 31:14  তাতে ৰাহেল আৰু লেয়াই তেওঁক ক’লে, “পিতৃৰ ঘৰত আমাৰ জানো কিবা ভাগ বা অধিকাৰ আছে?