Wildebeest analysis examples for:   asm-asmfb   ং    February 24, 2023 at 23:39    Script wb_pprint_html.py   by Ulf Hermjakob

6  GEN 1:6  তাৰ পাছত ঈশ্বৰে ক’লে, “জলৰ মাজত ভাগ হৈ এক বিস্তৃত খালী অংশ হওঁক আৰু ই জলক দুভাগ কৰক।”
7  GEN 1:7  এইদৰে ঈশ্বৰে জলৰ মাজত এক খালী অংশৰ সৃষ্টি কৰিলে আৰু তলত থকা জল ভাগৰ পৰা ওপৰৰ জল ভাগক পৃথক কৰিলে; তাতে তেনেদৰেই হ’ল।
8  GEN 1:8  ঈশ্বৰে সেই বিস্তৃত খালী অংশৰ নাম “আকাশ” ৰাখিলে। গধূলি আৰু পুৱা হ’লত, দ্বিতীয় দিন হ’ল।
22  GEN 1:22  ঈশ্বৰে সেইবোৰক আশীৰ্ব্বাদ কৰি ক’লে, “বংশ বৃদ্ধি কৰি তোমালোকে নিজৰ সংখ্যা বঢ়াই তোলা আৰু সমুদ্ৰবোৰৰ পানী পৰিপূৰ্ণ কৰা; পৃথিবীৰ ওপৰত চৰাইবোৰেও নিজৰ সংখ্যা বৃদ্ধি কৰক।”
28  GEN 1:28  পাছত ঈশ্বৰে তেওঁলোকক আশীৰ্ব্বাদ কৰি ক’লে, “তোমালোক বহুবংশ হোৱা; বাঢ়ি বাঢ়ি পৃথিবীখন পৰিপূৰ্ণ কৰা আৰু তাক বশীভুত কৰা; সমুদ্ৰৰ মাছ; আকাশৰ চৰাই, আৰু পৃথিবীৰ ওপৰত বিচৰণ কৰা সকলো প্রাণীৰ ওপৰত অধিকাৰ চলোৱা।”
63  GEN 3:7  তেতিয়া তেওঁলোক দুয়োজনৰ চকু মুকলি হ’ল। তেওঁলোক যে বিবস্ত্ৰ অৱস্থাত আছে, এই বিষয়ে বুজি পালে। সেয়ে তেওঁলোকে ডিমৰু গছৰ পাতবোৰ একেলগে জোৰা লগাই নিজৰ কাৰণে কপিং চিলাই ল’লে।
71  GEN 3:15  মই তোৰ আৰু নাৰীৰ মাজত, তোৰ বংশ আৰু নাৰীৰ বংশৰে মাজত শত্রুতা সৃষ্টি কৰিম; তেওঁ তোৰ মূৰ গুড়ি কৰিব আৰু তই তেওঁৰ ভৰিৰ গোৰোহা গুড়ি কৰিবি।”
85  GEN 4:5  কিন্তু কয়িনক আৰু তেওঁৰ উৎসৰ্গক হলে গ্ৰহণ নকৰিলে। সেয়ে কয়িনৰ অতিশয় খং উঠিল আৰু তেওঁৰ মুখো ক’লা পৰি গ’ল।
86  GEN 4:6  তেতিয়া যিহোৱাই কয়িনক ক’লে, “কিয় খং কৰিছা আৰু কেলেই বা মুখ ক’লা কৰি আছা?
107  GEN 5:1  এয়া হৈছে আদমৰ বংশৰ বিৱৰণ। মানুহ সৃষ্টি কৰাৰ দিনা, ঈশ্বৰে তেওঁলোকক নিজৰ সাদৃশ্যেৰে সৃষ্টি কৰিলে;
139  GEN 6:1  এইদৰে পৃথিবীত মানুহৰ সংখ্যা বাঢ়িবলৈ ধৰিলে আৰু তেওঁলোকৰ মাজত অনেক কন্যা সন্তানৰো জন্ম হ’ল।
141  GEN 6:3  এই অবস্থা দেখি যিহোৱাই ক’লে, “মোৰ আত্মাই চিৰকাললৈকে মানুহত থাকি অধিকাৰ নচলাব; কিয়নো মানুহ ৰক্তমাংসৰে গঠিত মাত্ৰ। তেওঁলোক এশ বিশ বছৰ জীয়াই থাকিব।”
149  GEN 6:11  সেই কালত ঈশ্বৰৰ দৃষ্টিত গোটেই পৃথিৱী দুর্নীতি আৰু হিংসাৰে পৰিপূৰ্ণ হৈ পৰিছিল।
151  GEN 6:13  ঈশ্বৰে নোহক ক’লে, “মই দেখা পাইছো যে, সমগ্র মানৱজাতিকে ধ্বংস কৰাৰ সময় হ’ল; কিয়নো তেওঁলোকে ক্রোধ আৰু হিংসাৰে পৃথিৱী পৰিপূৰ্ণ কৰিছে। মানুহৰ লগতে মই পৃথিৱীৰ সকলোকে ধ্বংস কৰিম।
155  GEN 6:17  আৰু চোৱা, মই পৃথিৱীত এনে এক বন্যা আনিম, তাতে আকাশৰ তলত শ্বাস-প্রশ্বাস লৈ জীয়াই থকা সকলো প্ৰাণীয়েই ধ্বংস হৈ যাব। তেতিয়া পৃথিৱীত থকা সকলো প্রাণীৰ মৃত্যু হ’ব।
163  GEN 7:3  আকাশত উৰিফুৰা চৰাইবোৰৰো মতা মাইকী সাতোটা সাতোটা তোমাৰ লগত ল’বা; পৃথিৱীৰ ওপৰত সেইবোৰৰ বংশ জীয়াই ৰাখিবলৈ তুমি ইয়াকে কৰিবা।
177  GEN 7:17  তাৰ পাছত চল্লিশ দিনলৈকে পৃথিবীৰ ওপৰত জলপ্লাৱনৰ পানী বাঢ়ি যাবলৈ ধৰিলে; পানী বাঢ়ি যোৱাত জাহাজখন মাটিৰ পৰা দাং খাই পানীত ওপঙি উঠিল।
189  GEN 8:5  তাৰ পাছতো পানী ক্রমে কমি কমি গৈ থাকিল আৰু দশম মাহৰ প্ৰথম দিনা পৰ্ব্বতশ্রেণীৰ টিংবোৰ দেখা গ’ল।
201  GEN 8:17  তোমাৰ লগত চৰাই, ঘৰচীয়া পশু আৰু মাটিত বগাই ফুৰা উৰগ আদি কৰি সকলো জীৱিত প্রাণীকে জাহাজৰ পৰা উলিয়াই আনা; সেইবোৰে পৃথিৱীত সিহঁতৰ বংশ বৃদ্ধি কৰক আৰু বহুবংশ হৈ সংখ্যাত বাঢ়ি যাওক।”
205  GEN 8:21  যিহোৱাই সেই হোম-বলিৰ সুঘ্ৰাণত সন্তোষ পাই নিজৰ মনেতে ক’লে, “সৰু কালৰে পৰা মানুহৰ মন মন্দতাৰ ফালে ঢাল খোৱা; কিন্তু মই মানুহৰ কাৰণে ভূমিক আৰু কেতিয়াও শাও নিদিওঁ; সেয়ে, মই যি দৰে কৰিলোঁ, পুনৰায় সেইদৰে সকলো প্ৰাণীক ধ্বংস নকৰোঁ।
207  GEN 9:1  ঈশ্বৰে নোহ আৰু তেওঁৰ পুত্ৰসকলক আশীৰ্ব্বাদ কৰি ক’লে, “তোমালোক বহুবংশ হৈ বাঢ়ি বাঢ়ি পৃথিৱীখন পৰিপূৰ্ণ কৰা।
213  GEN 9:7  তোমালোক বহুবংশ হৈ বৃদ্ধি হোৱা; পৃথিবীৰ চৌদিশে বিয়পি পৰা আৰু প্ৰচুৰ পৰিমাণে সংখ্যাত বৃদ্ধি পাই যোৱা।”
215  GEN 9:9  “চোৱা! মই তোমালোকৰ আৰু তোমালোকৰ বংশধৰসকলৰ সৈতে আৰু
217  GEN 9:11  মই তোমালোকৰ সৈতে মোৰ এই নিয়মটি স্থাপন কৰিলোঁ যে, জল-প্লাৱনৰ দ্বাৰাই কেতিয়াও কোনো প্ৰাণীকে আৰু বিনষ্ট কৰা নহব; পৃথিৱী ধ্বংস কৰাৰ দৰে জল-প্লাৱনো আৰু কেতিয়াও নহ’ব।”
218  GEN 9:12  ঈশ্বৰে আৰু ক’লে, “মোৰ আৰু তোমালোকৰ মাজত আৰু তোমালোকৰ লগত যি সকলো জীৱিত প্রাণী আছে, সেই সকলোৰে সৈতে ভৱিষ্যতৰ সকলো বংশৰ কাৰণে যি নিয়ম স্থাপন কৰিলোঁ, তাৰ চিন এই:
221  GEN 9:15  তেতিয়া মোৰ আৰু তোমালোকৰ মাজত আৰু তোমালোকৰ লগত যি সকলো জীৱিত প্রাণী আছে, সেই সকলোৰে বাবে কৰা মোৰ নিয়মৰ কথা মই সুঁৱৰিম; তাতে পানীয়ে সকলো প্ৰাণী ধ্বংস কৰাকৈ কেতিয়াও আৰু জলপ্লাৱন নহ’ব।
225  GEN 9:19  গোটেই পৃথিৱীতে নোহৰ এই তিনি জন পুত্ৰৰ বংশধৰসকল বিয়পি পৰিল।
236  GEN 10:1  নোহৰ পুত্ৰ চেম, হাম আৰু যেফতৰ বংশৰ বিৱৰণ এই: জলপ্লাৱনৰ পাছত তেওঁলোকৰ বহুতো সন্তান জন্ম হ’ল।
240  GEN 10:5  যাবনৰ বংশৰ লোকসকলে সাগৰৰ কাষৰীয় অঞ্চল আৰু দ্বীপবোৰত বসবাস কৰিলে। তেওঁলোকৰ বংশধৰসকল বিভক্ত হৈ বিভিন্ন জাতি হ’ল আৰু প্রত্যেক জাতিৰ নিজস্ব ভাষা, গোষ্ঠী আৰু অঞ্চল হ’ল।
249  GEN 10:14  পথ্ৰোচীয়া, কচলুহীয়া আৰু কপ্তোৰীয়াসকল মিচৰৰ বংশৰ লোক আছিল। পলেষ্টীয়াসকল এই কচলুহীয়াসকলৰ পৰা আহিছিল।
253  GEN 10:18  অৰ্বদীয়া, চমৰীয়া, আৰু হমাতীয়াসকলো কনানৰ বংশৰ লোক আছিল। পাছত কনানীয়া গোষ্ঠীবোৰ বিস্তাৰিত হৈ পৰিল।
255  GEN 10:20  নিজৰ নিজৰ ফৈদ, ভাষা, দেশ আৰু জাতি হিচাবে এইসকল লোকেই আছিল হামৰ বংশৰ লোক।
256  GEN 10:21  যেফতৰ ডাঙৰ ককায়েক চেমৰো সন্তান-সন্ততি হ’ল। চেম এবৰৰ বংশধৰসকলৰ আদি পুৰুষ আছিল।
266  GEN 10:31  নিজৰ নিজৰ ফৈদ, ভাষা, দেশ আৰু জাতি হিচাবে এইসকল লোকেই আছিল চেমৰ বংশৰ লোক।
267  GEN 10:32  এয়াই হ’ল বংশানুক্রমে আৰু জাতি অনুসাৰে নোহৰ পুত্রসকলৰ গোষ্ঠী। জলপ্লাৱনৰ পাছত এওঁলোকৰ বংশৰ লোকসকলেই পৃথক পৃথক জাতি হ’ল আৰু গোটেই পৃথিৱীতে সিচঁৰিত হ’ল।
272  GEN 11:5  আদমৰ বংশধৰসকলে যি নগৰ আৰু উচ্চ স্তম্ভ নিৰ্ম্মাণ কৰিছিল, তাক চাবলৈ যিহোৱা নামি আহিল।
277  GEN 11:10  চেমৰ বংশৰ বিৱৰণ এই। জলপ্লাৱনৰ দুবছৰৰ পাছত যেতিয়া চেমৰ বয়স এশ বছৰ তেতিয়া তেওঁৰ পুত্র অৰ্ফকচদ জন্মিল।
294  GEN 11:27  তেৰহৰ বংশৰ বিৱৰণ এই। তেৰহৰ সন্তান সকল আছিল অব্ৰাম, নাহোৰ আৰু হাৰণ; হাৰণৰ সন্তানৰ নাম আছিল লোট।
306  GEN 12:7  পাছত যিহোৱাই অব্ৰামক দৰ্শন দি ক’লে, “এই দেশখনকে মই তোমাৰ বংশক দিম।” তাতে অব্রামে তেওঁক দৰ্শন দিয়া যিহোৱাৰ উদ্দেশ্যে সেই ঠাইত এটা যজ্ঞবেদী নিৰ্ম্মাণ কৰিলে।
314  GEN 12:15  ফৰৌণৰ ৰাজপুত্রসকলেও চাৰীক দেখা পাই ফৰৌণ ৰজাৰ আগত তেওঁৰ প্রশংসা কৰিলে। ফলত চাৰীক ফৰৌণৰ ৰাজপ্রাসাদলৈ লৈ গ’ল।
329  GEN 13:10  তেতিয়া লোটে চাৰিওফালে চাই দেখিলে যে যৰ্দ্দন নদীৰ পাৰৰ গোটেই সমতল ভূমিত চোৱৰলৈকে প্রচুৰ পানী আছে; সেই ঠাইখিনি যিহোৱাৰ বাগিছাৰ নিচিনা আৰু মিচৰ দেশৰ নিচিনা; যিহোৱাই চদোম আৰু ঘমোৰা নগৰ ধ্বংস কৰাৰ পূৰ্বতে এই সমতল ভূমি তেনেকুৱা আছিল।
334  GEN 13:15  যি সকলো ঠাই তুমি দেখিছা, তাক মই তোমাক আৰু তোমাৰ বংশক চিৰকালৰ কাৰণে দিম।
335  GEN 13:16  মই তোমাৰ বংশৰ লোকসকলক পৃথিবীৰ ধূলিৰ নিচিনা অসংখ্য কৰিম; কোনোৱে যদি পৃথিবীৰ ধূলি গণিব পাৰে, তেন্তে তোমাৰ বংশকো গণিব পাৰিব।
342  GEN 14:5  তাৰ পাছত চৈধ্য বছৰত ৰজা কদৰ্লায়োমৰ আৰু তেওঁৰ সংগী ৰজাসকলে গৈ ৰফায়ীয়াসকলক অস্তৰোৎকৰ্ণয়িমত, জজীয়াসকলক হামত, এমীয়াসকলক চাবি-কিৰিয়াথয়িমত আহি আক্রমণ কৰিলে আৰু
354  GEN 14:17  কদৰ্লায়োমৰ আৰু তেওঁৰ সংগী ৰজাসকলক অব্রামে যেতিয়া হৰুৱাই উভতি আহিছিল, তেতিয়া চদোমৰ ৰজাই তেওঁৰ লগত সাক্ষাত হবলৈ চাবি উপত্যকালৈ অৰ্থাৎ ৰজাৰ উপত্যকালৈ ওলাই গ’ল।
366  GEN 15:5  তেতিয়া যিহোৱাই অব্ৰামক বাহিৰলৈ নি ক’লে, “তুমি আকাশৰ ফালে চোৱা আৰু যদি পাৰা তৰাবোৰ গণনা কৰা।” তেওঁ আকৌ অব্ৰামক ক’লে, “এইদৰে তোমাৰ বংশও হ’ব।”
372  GEN 15:11  পাছত চিকাৰী চৰাইবোৰ নামি আহি সেই পশুৰ মাংসখণ্ডৰ ওপৰত পৰিল, কিন্তু অব্ৰামে সেইবোৰক খেদাই দিলে।
373  GEN 15:12  পাছত যেতিয়া সূর্য মাৰ গৈছিল, তেতিয়া অব্ৰামৰ ঘোৰ টোপনি আহিল; হঠাতে এক ঘন আৰু ভয়ংকৰ অন্ধকাৰ তেওঁৰ ওপৰত নামি আহিল।
374  GEN 15:13  তেতিয়া তেওঁ অব্ৰামক ক’লে, “তুমি এই কথা নিশ্চিতভাৱে জনা উচিত যে তোমাৰ বংশৰ লোকসকল যি দেশত বাস কৰিব, সেই দেশ তেওঁলোকৰ নিজৰ নহয়। সেই ঠাইত তেওঁলোকে প্রবাসী হৈ দাস হ’ব আৰু চাৰিশ বছৰ কাল তেওঁলোকে উৎপীড়ন ভোগ কৰিব।
379  GEN 15:18  সেইদিনা যিহোৱাই অব্ৰামে সৈতে এটি এইবুলি কৈ এটা নিয়ম স্থিৰ কৰিলে, “মিচৰৰ নদীৰ পৰা মহানদী ইউফ্রেটিচ পর্যন্ত গোটেইখন দেশ মই তোমাৰ বংশক দিলোঁ।
384  GEN 16:2  এদিন চাৰীয়ে অব্ৰামক ক’লে, “চোৱা, যিহোৱাই মোক নিঃসন্তান কৰি ৰাখিছে। সেই কাৰণে আপুনি মোৰ দাসীৰ শয্যাৰ সংগী হওঁক, কিজানি মই তাইৰ পৰা সন্তান লাভ কৰিম।” তেতিয়া অব্ৰাম চাৰীৰ কথাত মান্তি হ’ল।
385  GEN 16:3  কনান দেশত অব্ৰামে দহ বছৰ কটোৱাৰ পাছত ভাৰ্যা চাৰীয়ে তেওঁৰ মিচৰীয়া দাসী হাগাৰক আনি নিজৰ স্বামী অব্ৰামৰ সংগী কৰি দিলে।
392  GEN 16:10  যিহোৱাৰ দূতে পুনৰ তাইক ক’লে, “মই তোমাৰ বংশৰ লোকৰ সংখ্যা ইমান বৃদ্ধি কৰিম যে তেওঁলোকৰ সংখ্যা গণিবই নোৱাৰা হ’ব।”
400  GEN 17:2  মোৰ আৰু তোমাৰ মাজত মই মোৰ বিধি স্থাপন কৰিম আৰু মই তোমাৰ বংশক অতিশয় ৰূপে বৃদ্ধি কৰিম।”
404  GEN 17:6  মই তোমাৰ বংশ অতিশয়ৰূপে বৃদ্ধি কৰিম। তোমাৰ পৰা মই অনেক নতুন জাতিৰ সৃষ্টি কৰিম আৰু তোমাৰ পৰা ৰজাসকলৰো জন্ম হ’ব।
405  GEN 17:7  এই বিধি মোৰ, তোমাৰ আৰু তোমাৰ ভাবী-বংশৰ মাজত পুৰুষানুক্রমে স্থাপন কৰিলোঁ; ই এক চিৰকালৰ বিধি হ’ব। মই তোমাৰ আৰু তোমাৰ ভাবী-বংশৰ লোকসকলৰ ঈশ্বৰ হ’বলৈ মোৰ বিধি স্থাপন কৰিলোঁ।
406  GEN 17:8  যি কনান দেশত তুমি প্রবাসী হৈ বাস কৰিছা, মই তোমাক আৰু তোমাৰ ভাবী-বংশক এই সমুদায় দেশ সদাকালৰ অধিকাৰৰ অৰ্থে দিম আৰু মই তেওঁলোকৰ ঈশ্বৰ হ’ম।”
407  GEN 17:9  পুনৰ ঈশ্বৰে অব্ৰাহামক ক’লে, “তোমালোকৰ বাবে মোৰ এই বিধি পালন কৰিব লাগিব; তুমি আৰু তোমাৰ ভাবী-বংশই পুৰুষানুক্ৰেমে তাক পালন কৰিব লাগে।
408  GEN 17:10  তোমালোকে মানিবলগীয়া এই বিধি হৈছে - তোমালোকৰ মাজৰ প্রত্যেক পুৰুষৰ চুন্নৎ হ’ব লাগিব; এই বিধি তোমাৰ আৰু তোমাৰ বংশৰ লোকসকলে মানি চলিব লাগিব।
410  GEN 17:12  বংশানুক্রমে তোমালোকৰ প্রত্যেকজন পুত্ৰ-সন্তানৰ জন্মৰ আঠ দিনৰ দিনা এই চুন্নৎ হ’ব লাগিব; বংশৰ কোনো নহলেওঁ তোমালোকৰ ঘৰত জন্ম হোৱা আৰু বিদেশীৰ পৰা কিনি লোৱা দাসবোৰৰো চুন্নৎ হ’ব লাগিব।
417  GEN 17:19  ঈশ্বৰে ক’লে, “নহয়, তোমাৰ ভাৰ্যা চাৰাই তোমালৈ এটি পুত্ৰ প্ৰসৱ কৰিব আৰু তুমি তেওঁৰ নাম ইচহাক [হাঁহি] ৰাখিবা; মই চিৰকালৰ এক বিধিৰূপে ইচহাক আৰু তেওঁৰ ভাবী-বংশৰ লোকসকলৰ সৈতে মোৰ বিধি স্থাপন কৰিম।
418  GEN 17:20  ইশ্মায়েলৰ বিষয়ে হ’লে মই তোমাৰ কথা শুনিলোঁ; চোৱা, মই তেওঁক আশীৰ্ব্বাদ কৰিলোঁ; তেওঁকো মই বহুবংশ কৰিম আৰু তেওঁৰ সন্তান-সন্ততি অতিশয়ৰূপে বৃদ্ধি কৰিম; তেৱোঁ বাৰজন গোষ্ঠী-নেতাৰ পিতৃ হ’ব আৰু তেওঁৰ পৰা মই এক মহাজাতি উৎপন্ন কৰিম।
466  GEN 19:8  চাওঁক, মোৰ দুজনী ছোৱালী আছে; কোনো পুৰুষৰ সৈতে সিহঁতৰ সংস্পৰ্শ হোৱা নাই; সিহঁতকে মই আপোনালোকৰ ওচৰলৈ উলিয়াই আনো; সিহঁতৰ লগত আপোনালোকে যি ভাল দেখে কৰক; কেৱল এই লোকসকলক একো নকৰিব; কিয়নো তেওঁলোকে এতিয়া মোৰ ঘৰৰ ছাঁত আশ্ৰয় লৈছে।”
471  GEN 19:13  কিয়নো আমি এই নগৰ ধ্বংস কৰিবৰ কাৰণে যুগুত হৈছোঁ। যিহোৱাৰ আগত এই ঠাইৰ লোকসকলৰ বিৰুদ্ধে ভীষণ হৈ চৈ হৈছে আৰু সেইবাবে তেওঁ তাক ধ্বংস কৰিবলৈ আমাক পঠাইছে।”
472  GEN 19:14  তেতিয়া লোটে বাহিৰলৈ গৈ তেওঁৰ হবলগীয়া জোৱাঁইসকলক ক’লে, “সোনকাল কৰা! এতিয়াই এই ঠাই এৰি গুছি যোৱা; কিয়নো যিহোৱাই এই নগৰ ধ্বংস কৰিবলৈ যুগুত হৈছে।” কিন্তু জোঁৱায়েকহঁতে ভাৱিলে, তেওঁ ধেমালি কৰিছে।
473  GEN 19:15  তাৰ পাছত ৰাতিপুৱা সেই দুজন দূতে লোটক সোনকাল কৰিবলৈ দিলে আৰু ক’লে, “ইয়াত থকা তোমাৰ ভার্য্যা আৰু দুজনী জীয়ৰীক লৈ গৈ থাকা; তেতিয়াহে নগৰৰ লগত তোমালোকক এই শাস্তিত ধ্বংস কৰা নহ’ব।”
474  GEN 19:16  লোটে সংকোচ কৰি পলম কৰিবলৈ ধৰিলে। কিন্তু যিহোৱাৰ দয়া তেওঁৰ ওপৰত থকা কাৰণে সেই পুৰুষ দুজনে তেওঁক, তেওঁৰ ভার্য্যাক আৰু দুজনী জীয়েককো হাতত ধৰি টানি নগৰৰ বাহিৰলৈ উলিয়াই আনিলে।
479  GEN 19:21  তেতিয়া দূতে ক’লে, “বাৰু, মই তোমাৰ এই অনুৰোধ ৰাখিলোঁ। যি চহৰখনৰ কথা তুমি ক’লা, তাক মই ধ্বংস নকৰোঁ;
487  GEN 19:29  যেতিয়া ঈশ্বৰে সমথলৰ নগৰবোৰ বিনষ্ট কৰিলে, তেতিয়া ঈশ্বৰে অব্ৰাহামক সোঁৱৰণ কৰিলে; তেওঁ লোটে য’ত বাস কৰিছিল, সেই নগৰবোৰৰ ধ্বংসস্তূপৰ মাজৰ পৰা তেওঁক বাহিৰলৈ উলিয়াই পঠালে।
490  GEN 19:32  আহাঁ, আমি আমাৰ পিতৃক দ্ৰাক্ষাৰস পান কৰাই তেওঁৰ লগত শয়ন কৰোঁহক। তাতে আমি আমাৰ পিতৃৰ বংশ ৰক্ষা কৰিব পাৰিম।”
492  GEN 19:34  পাছদিনা ডাঙৰজনীয়ে সৰু জনীক ক’লে, “শুনা, যোৱাকালি ৰাতি মই পিতৃৰ লগত শয়ন কৰিলোঁ; আহাঁ আজি ৰাতিও আমি পিতৃক দ্ৰাক্ষাৰস পান কৰাওঁ আৰু তুমি সোমাই গৈ তেওঁৰ লগত শয়ন কৰিবা। তাতে পিতৃৰ পৰা আমি আমাৰ বংশ ৰক্ষা কৰিব পাৰিম।”
500  GEN 20:4  অবীমেলকে কিন্তু তেতিয়াও চাৰাৰ ওচৰলৈ যোৱা নাছিল; সেয়ে তেওঁ ক’লে, “হে প্ৰভু, অপৰাধ নকৰিলেও আপুনি এটা সৎ জাতিক সংহাৰ কৰিব নে?
523  GEN 21:9  এদিন চাৰাই দেখিলে যে হাগাৰৰ পুত্র ইশ্মায়েলে ইচহাকক ইতিকিং কৰিছে।
526  GEN 21:12  কিন্তু ঈশ্বৰে অব্ৰাহামক ক’লে, “তোমাৰ ল’ৰা ইশ্মায়েল কাৰণে আৰু তোমাৰ দাসীৰ কথা ভাৱি মনত বেজাৰ নকৰিবা। চাৰাই কোৱা কথাবোৰ শুনি তুমি সেইদৰে কার্য কৰা; কিয়নো ইচহাকৰ দ্বাৰায়েই তোমাৰ বংশধৰসকলৰ নামাকৰণ হ’ব।
527  GEN 21:13  সেই দাসীৰ পুত্রৰ যোগেদিও মই এক জাতি উৎপন্ন কৰিম, কাৰণ তেৱোঁ তোমাৰেই বংশৰধৰ।”
536  GEN 21:22  সেই সময়ত অবীমেলক আৰু তেওঁৰ সৈন্যদলৰ সেনাপতি ফীখোলে অব্ৰাহামৰ ওচৰলৈ আহি ক’লে, “আপোনাৰ সকলো কাৰ্যতে ঈশ্বৰ আপোনাৰ সংগত আছে।
537  GEN 21:23  সেইবাবে ঈশ্বৰৰ নামত আপুনি এতিয়া মোৰ ওচৰত এই শপত খাওঁক যে, মোৰ অথবা মোৰ সন্তান সকলৰ সৈতে নাইবা মোৰ বংশধৰসকলৰ কাৰো লগত আপুনি ছলনাৰ কার্য নকৰিব। মই যেনেকৈ আপোনাৰ প্রতি বিশ্বস্ততাৰে ব্যৱহাৰ কৰিছোঁ, ঠিক তেনেকৈ আপুনিও মোৰ সৈতে আৰু যি দেশত আপুনি বাস কৰি আছে, সেই দেশৰ প্রতিও বিশ্বস্ততাৰে ব্যৱহাৰ কৰিব।”
561  GEN 22:13  তেতিয়া অব্ৰাহামে চকু তুলি চাই নিজৰ পাছফালে এটা মতা মেৰ-ছাগক দেখা পালে আৰু তাৰ শিংকেইটা জোপোহাৰ মাজত জপটিয়াই লাগি আছিল। অব্ৰাহামে গৈ সেই মেৰ-ছাগটো আনি নিজৰ পুত্ৰৰ সলনি তাকে হোমবলি উৎসর্গ কৰিলে।
565  GEN 22:17  মই নিশ্চয় তোমাক আশীৰ্ব্বাদ কৰিম; আকাশৰ তৰাবোৰৰ দৰে আৰু সাগৰৰ তীৰত থকা বালিৰ দৰে তোমাৰ বংশ অতিশয় ৰূপে বৃদ্ধি কৰিম; তোমাৰ বংশৰ লোকসকলে তেওঁলোকৰ শত্রুবোৰৰ নগৰৰ দুৱাৰ জয় কৰিব।
566  GEN 22:18  তোমাৰ বংশৰ যোগেদিয়েই পৃথিৱীৰ সমুদায় জাতি আশীৰ্ব্বাদ প্ৰাপ্ত হ’ব; তুমি মোৰ কথা পালন কৰিলা বাবেই তেনে হ’ব।”
599  GEN 24:7  স্বর্গৰ প্রভু স্বয়ং ঈশ্বৰ যিহোৱাই মোৰ পিতৃৰ জন্মভূমিৰ পৰা মোক সপৰিয়ালে সৈতে ইয়ালৈ লৈ আহিল আৰু মই তোমাৰ বংশক এই দেশ দিম বুলি মোৰ আগত শপত কৰিলে, স্বৰ্গৰ ঈশ্বৰ যিহোৱাই তোমাৰ আগে আগে নিজ দূত পঠাই দিব; তাতে তুমি মোৰ পুত্ৰৰ নিমিত্তে সেই ঠাইৰ পৰাই ছোৱালী আনিব পাৰিবা।
608  GEN 24:16  সেই যুৱতী দেখাত পৰম সুন্দৰী আৰু কোনো পুৰুষৰ সৈতে সংস্পর্শ নথকা কুমাৰী আছিল। তাই ভুমুকলৈ নামি কলহ ভৰাই উঠি আহিল।
632  GEN 24:40  কিন্তু তেওঁ মোক ক’লে, ‘যিজনৰ সাক্ষাতত মই জীৱন-যাপন কৰি আছোঁ, সেইজনা যিহোৱাই তোমাৰ সৈতে যাবৰ বাবে তেওঁৰ দূত পঠিয়াই দিব, আৰু তোমাৰ পথ উন্নত কৰিব; তাতে তুমি মোৰ পুত্রৰ বাবে মোৰ আত্মীয়সকলৰ আৰু মোৰ পিতৃৰ বংশৰ পৰা ভার্য্যা আনিব পাৰিবা।
645  GEN 24:53  পাছত সেই দাসে সোণ, ৰূপৰ অলংকাৰ আৰু বস্ত্র উলিয়াই ৰিবেকাক দিলে, আৰু তেওঁৰ ককায়েক আৰু মাককো বহুমূলীয়া উপহাৰ দিলে।
652  GEN 24:60  তেওঁলোকে ৰিবেকাক আশীৰ্ব্বাদ কৰিলে আৰু ক’লে, “হে আমাৰ ভনী, তুমি অযুত অযুত লোকৰ আদি-মাতৃ হোৱাগৈ, আৰু তোমাৰ বংশই তোমাক ঘৃণা কৰা লোকসকলৰ নগৰৰ দুৱাৰবোৰ অধিকাৰ কৰক।”
663  GEN 25:4  মিদিয়নৰ সন্তান ঐফা, এফৰ, হনোক, অবীদা আৰু ইলদায়া। এই আটাইকেইজন আছিল সেই কটুৰাৰ বংশধৰ।